ডাউনলোড
মোবাইল এপ

android apple
signal

১৯ মে’ত টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান ১৯ মে’লৈ পিছুৱাই দিয়া হৈছে। বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শক সোঁৱৰি ২০২৩ বৰ্ষৰ পৰা চৰাইদেউ জিলা সমিতিয়ে অসমৰ কেইবাগৰাকীও বৰেণ্য নাৰীক প্ৰদান কৰি আহিছে। এইবাৰ প্ৰথমগৰাকী অসমীয়া মহিলা বিমান চালক ধীৰা চলিহা হাজৰিকালৈ এই বঁটা আগবঢ়োৱা হৈছে। এই উদ্দেশ্যে সোণাৰী ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও শেহতীয়াকৈ অহা এজাক প্ৰচণ্ড ধুমুহাই এই অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা সভাগৃহ ভাঙি তচনচ কৰি পেলোৱাৰ ফলত অনুষ্ঠানটো অহা ১৯ মে’ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োজক সমিতিয়ে অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক