May 17, 2024 12:30 PM | IPL Cricket

printer

১৯ মে’ত গুৱাহাটীত হ’বলগীয়া টি-২০ ক্রিকেট খেলখনৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ অহা ১৯ মে’ত হ’বলগীয়া টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে অহা ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰী অংশত গধুৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই দিনটোত গুৱাহাটীৰ আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ তিনি বজাৰ পৰা ৱান ৱে হৈ পৰিব। লালগণেশ তিনি আলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ’ব। আনহাতে বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনি আলিলৈও পথছোৱা ৱান ৱে হৈ পৰিব আৰু খেলৰ কাৰ পাছ থকা বাহনেহে চলাচলৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।

অধিক পঢ়ক

সকলো চাওক