ভাৰতে ১৯ বছৰ অনুৰ্ধ আই চি চি মহিলাৰ টী-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কোৱালালামপুৰৰ বায়ুয়েমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। প্ৰথমে বেট ধৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গংগাদি তৃষাৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত ভাৰতে ১২ অ’ভাৰতে ৮৩ ৰান সংগ্ৰহ কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। তৃষাক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ হৈ চানিকা চলকেয়ে ২৬ ৰানৰ বৰঙণি আগবঢ়াই অপৰাজিত হৈ থাকে। দক্ষিণ আফ্ৰিকাৰ হৈ মিয়েকে ভেন ৱুষ্টে সৰ্বাধিক ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ গংগাদি তৃষাই তিনিটা আৰু বৈষ্ণৱী শৰ্মা, আয়ুসী শুক্লা তথা পাৰোনিকা ছিছ’দিয়াই দুটাকৈ উইকেট দখল কৰে আৰু শ্ববনম এম ডি ছাকিলে এটা উইকেট দখল কৰে। ভাৰতৰ গংগাদি তৃষাই প্রতিযোগিতাত মুঠ ৩০৯ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অব্ দা টুর্ণামেন্ট খিতাপ লাভ কৰে। আনহাতে, বৈষ্ণৱী শৰ্মাই ছখন খেলত হেট্ৰিক কৰি সৰ্বাধিক ১৭ টা উইকেট দখল কৰে।
Site Admin | February 2, 2025 8:45 PM | ICC T-20
১৯ বছৰ অনুৰ্ধ আইচিচি মহিলাৰ টী-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ বিজয়ী খিতাপ দখল
