১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত অসমৰ ৫ খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব । উল্লেখযোগ্য যে, সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি অসমত ২ কোটি ৪৩ লাখতকৈ অধিক ভোটদাতা আছে। ইয়াৰে ১ কোটি ২১ লাখ ৭৯ হাজাৰতকৈ অধিক পুৰুষ আৰু ১ কোটি ২১ লাখতকৈ অধিক মহিলা ভোটদাতা। তদুপৰি ৪১৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰতকৈ অধিক নতুন ভোটদাতা আছে। একেদৰে, ২ লাখ ৭২ হাজাৰতকৈ অধিক অশীতিপৰ ভোটদাতা থকা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া আটাইকেইখন ৰাজ্যতে যাৱতীয় প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। মিজোৰামত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে চি এ পি এফৰ ১২ টা কোম্পানী নিয়োগ কৰিছে। তদুপৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হৈছে। স্পৰ্শকাতৰ হিচাপে চিহ্নিত ১৯ টা কেন্দ্ৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি আন্তৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ৰাজ্যখনত ৮ লাখ ভোটদাতাই এহেজাৰ ২৭৬ টা ভোটকেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব।

অধিক পঢ়ক

সকলো চাওক