১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মৰ্মুৱে কাইলৈৰ পৰা ১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ’ব। এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তিনিখন আফ্রিকান দেশ ভ্ৰমণ কৰা প্ৰথমটো যাত্ৰা ৷ ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্রিকান সংঘই জি-২০ত স্থায়ী সদস্য হিচাপে স্থান লাভ কৰাৰ এবছৰৰ পাছত কৰা এয়া হৈছে প্রথমটো ঐতিহাসিক যাত্ৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আব্দেলমছজিদ টেবনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতিয়ে লগতে ভাৰত-আলজেৰিয়া অর্থনৈতিক মঞ্চ আৰু ছিডি আবডেল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি পল বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰিব। ভ্ৰমণৰ দ্বিতীয় দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ ৱলড শ্বেইখ এল ঘাজোৱানৈৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মালাৱিত উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক