প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধার্ঘ্য নিবেদন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে এই দিনটোৱে আমাক কংগ্ৰেছে কিদৰে বুনিয়াদী স্বাধীনতা খণ্ডন কৰিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সন্মানৰ সংবিধান অমান্য কৰিছিল, সেই কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলো গণতান্ত্রিক নীতি বিসর্জন দি সমগ্ৰ ৰাষ্ট্ৰক এখন কাৰাগাৰত পৰিণত কৰিছিল। শ্ৰী মোদীয়ে কয় যে জৰুৰীকালীন অৱস্থা বলৱৎ কৰাসকলৰ সংবিধানৰ প্ৰতি মৰমক লৈ ভাষণ দিয়াৰ কোনো অধিকাৰ নাই। এই একেসকল লোকেই কেইবাবাৰো ৩৫৬ নম্বৰ অনুচ্ছেদ বলৱৎ কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে এখন বিধেয়ক প্ৰস্তুত কৰিছিল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ধ্বংস কৰিছিল আৰু সংবিধানৰ প্ৰতিটো দিশ উলংঘা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে এইবুলি অভিযোগ কৰে যে যি মানসিকতাৰ বাবে কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা বলৱৎ কৰিছিল, সেই মানসিকতা দলটোৰ মাজত এতিয়াও বিদ্যমান।
Site Admin | June 25, 2024 6:19 PM | PM Narendra Modi | PMO
১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধার্ঘ্য নিবেদন
