১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা ১৫ জুনত চার্লি হেমিল্টন-জেমছৰ পৰিচালনাৰে নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট’ৰী’ শীৰ্ষক তথ্যচিত্ৰৰে এই ৭ দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এইবেলি মহোৎসৱত ৫৯খন দেশৰ ৬১ টা ভাষাৰ মুঠ ৩১৪খন চলচ্চিত্র প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰত ৮খন চলচ্চিত্ৰৰ বিশ্ব প্রিমিয়াৰ, ৫খনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ১৮খনৰ এছিয়া প্ৰিমিয়াৰ আৰু ২১খনৰ ভাৰত প্ৰিমিয়াৰ অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ দৰ্শকৰ মাজত উৎসৱৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্য মুম্বাইৰ উপৰি দিল্লী, কলকাতা, পুনে আৰু চেন্নাইতো চলচ্চিত্ৰসমূহৰ সমান্তৰাল প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে৷ মহোৎসৱৰ সময়চোৱাত বিশিষ্ট চলচ্চিত্র নির্মাতাসকলে বাছি উলিওৱা নির্দিষ্ট বিষয়সমূহ সন্দৰ্ভত ২৫টাতকৈও অধিক মাষ্টাৰক্লাছ, আলোচনা সত্ৰ আৰু মুকলি মঞ্চ আলোচনাৰ দিহা কৰা হয়। মহোৎসৱৰ পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰীসকলৰ বাবে এনিমেচন আৰু ভি এফ এক্স বিষয়ক এখন কৰ্মশালাৰো আয়োজন কৰা হয়। ১৯৯০ চনত আৰম্ভ হোৱা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভিতৰত অন্যতম। দুবছৰৰ মূৰত এবাৰকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱ মূলতঃ তথ্যচিত্র, চুটি ছবি আৰু এনিমেচনৰ প্ৰতি উৎসর্গিত। এই মহোৎসৱে সমগ্ৰ বিশ্বৰ তথ্যচিত্র নির্মাতাসকলক মত বিনিময়ৰ লগতে তথ্যচিত্র, চুটি আৰু এনিমেচন চলচ্চিত্ৰৰ সহ- প্রযোজনা আৰু বিপণনৰ সম্ভাৱনাসমূহৰ অন্বেষণ কৰাৰ মঞ্চ প্ৰদান কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক