মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ১৮ আগষ্টত মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথম বাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মৰিগাঁও জিলাৰ আয়ুক্ত তথা মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপোষক দেৱাশীষ শৰ্মাই কাৰ্যসূচী সম্পর্কে সবিশেষ সদৰি কৰে। সংবাদ মেলক সম্বোধন কৰি শ্ৰীশৰ্মাই কয় যে অহা ১৮ আগষ্টৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভণি হ’ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা হ’ব বুলি শ্ৰীশৰ্মাই জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ যাদু শীৰ্ষক এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। আয়ুক্তগৰাকীয়ে মহোৎসৱৰ যোগেদি অন্ধবিশ্বাসৰ সলনি মায়ঙৰ ঐতিহ্য বহন কৰা যাদুৰ ইতিহাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণমুখী পৰ্যটনৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে।
Site Admin | August 4, 2024 6:49 PM | Morigoan