June 30, 2024 11:41 AM | ICC T20 World Cup

printer

১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতে যোৱানিশা দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰি ১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। ভাৰতে কিংস্টন অভেলত অনুষ্ঠিত খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ বিৰাট কোহলিৰ ৭৬ আৰু অক্সৰ পেটেলৰ ৪৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান কৰে। আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত এয়া হৈছে ফাইনেলত কোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক স্ক’ৰ। দক্ষিণ আফ্ৰিকাৰ হৈ এনৰিক ন’ৰ্টজে আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কবে। প্রত্যুত্তৰত দক্ষিণ আফ্রিকাই ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ হেনৰিক ক্লাছেনে সর্বাধিক ৫২ ৰান কৰে। ভাৰতৰ হার্দিক পাণ্ডিয়াই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহ আৰু অৰ্শদীপ সিঙে দুটাকৈ উইকেট লাভ কৰে । বিৰাট কোহলিক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে আৰু প্ৰতিযোগিতাত ৮ খন খেলত ১৫টা উইকেট লাভ কৰা যশপ্রীত বুমৰাহক প্লেয়াৰ অব্ দ্যা টুর্ণামেণ্ট হিচাপে ঘোষণা কৰা হয়। ভাৰতে ইয়াৰ পূৰ্বে ২০০৭ চনত টি-টুৱেণ্টি বিশ্বকাপৰ খিতাপ লাভ কৰিছিল। কালিৰ খেলখনত জয়লাভ কৰাৰ পাছতেই বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই টি-টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে টি-টুৱেণ্টি বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সামাজিক মাধ্যম যোগে কৈছে যে, হাৰ নমনাৰ মানসিকতাবে ভাৰতীয় দলে কঠিন পৰিস্থিতি অতিক্ৰম কৰি প্ৰতিযোগিতাত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে, ভাৰতীয় দলক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। আনহাতে, উপ বাষ্ট্রপতি জগদীপ ধনখড়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে, টি-টুৱেণ্টি বিশ্বকাপৰ ফাইনেলত ভাৰতৰ আকর্ষণীয় জয়ত সমগ্ৰ দেশ উৎফুল্লিত হৈ পৰিছে। প্ৰতিযোগিতাত ভাৰতীয় দলৰ আকর্ষণীয় প্ৰদৰ্শন খেলুৱৈসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে, ভাৰতীয় ক্রিকেট দলক লৈ দেশ গৌৰৱান্বিত। তেওঁ কালিৰ ফাইনেল খেলখনক ঐতিহাসিক বুলি অভিহিত কৰে।

অধিক পঢ়ক

সকলো চাওক