ডাউনলোড
মোবাইল এপ

android apple
signal

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন

অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪টা কর্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ’ব। ১৮ ফেব্ৰুৱাৰীত সদনৰ কাম-কাজ নাথাকিব। ১৯ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব। ১৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ’ব। ১০ মাৰ্চত বিত্ত মন্ত্রী অজন্তা নেওগে ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মাৰ্চত সদনত বাজেট বিতর্ক অনুষ্ঠিত হ’ব। ১৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ বাজেট অধিৱেশন বিবর্তিত থাকিব। ২৪ মার্চত বিত্ত মন্ত্রীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে দাবী মঞ্জুৰি প্ৰস্তাৱ উত্থাপন কৰিব আৰু অসম বিনিয়োজন বিধেয়ক ২০২৫ উত্থাপন কৰিব। ২৫ মাৰ্চত সদনৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে কোকৰাঝাৰত হ’বলগীয়া অধিৱেশনৰ প্ৰথম দিনা বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উদ্যোগত অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আর্থ সামাজিক আৰু সামগ্রিক উন্নয়ন বিষয়ক আলোচনা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক