মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৭ ডিচেম্বৰত ভাৰতৰ প্ৰতিবেশী দেশ ভুটানলৈ যাব। ড০ শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কালত গুৱাহাটীৰ পৰা ভূটানৰ গেলেপুলৈকে ৰে’লপথ নিৰ্মাণৰ অভিলাষী প্ৰস্তাৱিত আঁচনিখন ৰূপায়ণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভূটান ভ্রমণ সন্দৰ্ভত সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কালত ভূটানৰ পাদদেশত অসম সীমান্তৱৰ্ত্তী জিলাসমূহলৈ জলসিঞ্চনৰ আঁচনি ৰূপায়ণ কৰা সন্দৰ্ভতো দুয়ো দেশৰ মাজত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ভূটানৰ জলশক্তিক অসমৰ সীমামূৰীয়া জিলাসমূহত ব্যৱহাৰ কৰি বিদ্যুতৰ নাটনি কেনেদৰে দূৰ কৰা হ’ব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূটানৰ সৈতে আলোচনা কৰিব।
Site Admin | December 13, 2024 10:40 AM | Assam CM