ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 11:53 AM | assam cabinet

printer

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক

১৬ জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ’ব। ৰাজ্যৰ জনসংযোগ, সংসদীয় পৰিক্রমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই কালি মৰিগাঁও ভ্ৰমণৰ সময়ত এইকথা প্ৰকাশ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰি শ্ৰীহাজৰিকাই কয়, যে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, জোনবিল মেলাত উপস্থিত হ’ব আৰু তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব। তেওঁ লগতে জাগীৰোডত নির্মীয়মান চেমিকনডাক্টৰ প্ৰকল্প আৰু দৰং আৰু ভূৰাগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া দলংস্থলী পৰিদৰ্শন কৰিব ।

অধিক পঢ়ক

সকলো চাওক