১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে’ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে’ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পর্যটন বর্ষটোত বৰ্তমানলৈকে ৩০,৯১৯ গৰাকী বিদেশী পর্যটককে ধৰি ৩ লাখ ২৭ হাজাৰ ৪৯০ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যান কর্তৃপক্ষই ৮ কোটি ৮০ লাখ টকাৰ ৰাজহ লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক