ডাউনলোড
মোবাইল এপ

android apple
signal

১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে ১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনত ১৩৩ টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰি বেৰ আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলা হৈছে। আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাখনৰ পশ্চিম চক্ৰৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। আনহাতে সোণিতপুৰ জিলা প্ৰশাসনে পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে নিয়ন্ত্রণ কক্ষ স্থাপনৰ দিহা কৰিছে। ১৫ ছেপ্তেম্বৰৰ দিনা তেজপুৰৰ ডি ডি এম এ কনফাৰেন্স হ’লৰ পৰা পৰিচালিত হ’বলগীয়া নিয়ন্ত্রণকক্ষলৈ পৰীক্ষাৰ্থীসকলে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব। নিয়ন্ত্রণ কক্ষৰ বাবে ৯৪৩৫৩ ৭১৬৭২ আৰু ০৩৭১২ ২৬১০০০ নম্বৰ মুকলি কৰা হৈছে।
আনহাতে, ডিব্ৰুগড় জিলাত অহা ১৫ আৰু ২৯ ছেপ্তেম্বৰৰ লগতে ২৭ অক্টোবৰত ৬৯টা পৰীক্ষা কেন্দ্ৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে যাতে অনুষ্ঠিত হয়, তাৰবাবে জিলা দণ্ডাধীশে অহা ১৫, ২৯ ছেপ্তেম্বৰ আৰু ২৭ অক্টোবৰত জিলাখনৰ আটাইকেইটা কেন্দ্ৰত প্ৰযোজ্য হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ বাধা আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক