১৫ ছেপ্তেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ’বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২০২৪ ৰূপায়ণ কৰিছে। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। অধ্যক্ষ তিৱাৰীয়ে কয় যে আয়োগে সামাজিক মাধ্যমতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। শ্ৰীতিৱাৰীয়ে ১৫ ছেপ্তম্বৰত হ’বলগীয়া পৰীক্ষাটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা বুলি উল্লেখ কৰে। তেওঁ কয় যে এই পৰীক্ষাত ২৮খন জিলাৰ দুহেজাৰ ৩০৫টা পৰীক্ষা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত ৪২৯টা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগ কৰা হ’ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। অধ্যক্ষ তিৱাৰীয়ে কয় যে পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত বাহিৰা লোকৰ প্রবেশ নিষিদ্ধ কৰা হৈছে। পৰিক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল, বেগ, পানী বটল, ঘড়ী আদি নিয়াতো বাধা আৰোপ কৰা হৈছে। শ্ৰীতিৱাৰীয়ে কয় যে চিচি টিভি কেমেৰা নথকা পৰীক্ষা কেন্দ্ৰত তিনিজনকৈ ভিডিঅ’গ্ৰাফাৰ দায়িত্বত থাকিব। তেওঁ কয় যে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তৰ সৈতে আয়ুক্ত সচিব আৰু সচিব পৰ্যায়ৰ একোজন বিষয়াক দায়িত্ব দিয়া হৈছে। তদুপৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন ৰাজপত্রিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বুলি অধ্যক্ষ তিৱাৰীয়ে জানিবলৈ দিয়ে।
পৰিক্ষাৰ্থীসকল যাতে পৰীক্ষা কেন্দ্ৰলৈ অহাত কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে স্থানীয় বাছ, টেম্পো আৰু পৰিবহন নিগমৰ বাছৰ চলাচল সূচল কৰাৰ ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। শ্ৰীতিৱাৰীয়ে কয় যে পৰিক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ১২খন অতিৰিক্ত ৰেলগাড়ীৰ ব্যৱস্থা কৰিব। সামগ্রিকভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ছেবাৰ ৰমেশ চান্দ জৈনে পৰিক্ষাৰ্থীসকলক যথাসম্ভৱ সোনকালে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে। শ্রীজৈনে কয় যে এইবাৰৰ পৰীক্ষাত ১৫০টা প্ৰশ্ন থাকিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। একেদৰে ২৯ ছেপ্তেম্বৰত হ’বলগীয়া পৰীক্ষা ১৫০ নম্বৰৰ হ’ব আৰু ইয়াৰে ১২৫টা প্ৰশ্নৰ বাবে ১ নম্বৰকৈ থকাৰ বিপৰীতে বাকীখিনি প্ৰশ্নৰ বাবে ২ নম্বৰকৈ থাকিব। ইপিনে ২৭ অক্টোবৰত হ’বলগীয়া চতুর্থ বৰ্গৰ পদৰ বাবে ১৩৫টা প্ৰশ্ন থাকিব। এইবাৰৰ নিযুক্তি পৰীক্ষাত নিগেটিভ নম্বৰৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক