অহা ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব। বৰাক উপত্যকাত এনে কাম-কাজৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজীৰ লগতে বাংলা, আৰু বিটিআৰত অসমীয়া আৰু ইংৰাজীৰ উপৰি বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়ে সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে আজি ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে কৰা আলোচনা অনুসৰি এই দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদনৰ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ সমৰ্থ ৫২ টা পৰামৰ্শৰ ভিতৰত ৩৮ টা ৰূপায়ণ প্ৰক্ৰিয়াত দুয়োপক্ষই সহমতত উপনীত হয়। এই অনুসৰি ৰাজ্যখনৰ পুৰণি আইন, বিধিসমূহ অসমীয়ালৈ ভাষান্তৰৰ বাবে সমিতিখনে প্ৰতিবেদনত উল্লেখ কৰা পৰামৰ্শ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক এই ভাষান্তৰৰ দায়িত্ব অৰ্পন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা প্ৰয়োগৰ এটা সুকীয়া সঞ্চালকালয় গঠনৰ কথাও উল্লেখ কৰে। এই বৈঠকতে চৰ অঞ্চলৰ ভূমিসমূহৰ জৰীপ কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ বৈঠকত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্যৰ সংখ্যা ৩৬ ৰ পৰা ৪২ লৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। আয়ুৰ্বেদিক চিকিৎসক হিচাপে নতুনকৈ নিযুক্তি লাভ কৰি চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলক তিনিবাৰকৈ আগতীয়া দৰমহা বৃদ্ধি কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যখনত সেউজ শক্তি উৎপাদনৰ বাবে সংহত নীতি ৰূপায়ণতো আজি মন্ত্রীসভাই অনুমোদন জনাইছে। ৰহা আৰু জাগীৰোডৰ মাজত ৫৭০ বিঘা ভূমি সামৰি এখন বহুমুখী উদ্যোগিক পাম নিৰ্মাণৰ বাবে আজি মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনাইছে। ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত পাকিস্তানৰ আলী শ্বেখ নামৰ ব্যক্তিজনৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে যোগাযোগ ৰক্ষা কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি মন্ত্রীসভাত আলোচনাৰ পাছত ৰাজ্যৰ লগতে দেশৰ আইন শৃংখলা পৰিস্থিতিলৈ লক্ষ্য ৰাখি আলী শ্বেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত তদন্তৰ বাবে মন্ত্রীসভাই অনুমোদন জনায়।
Site Admin | February 16, 2025 7:32 PM | assam cabinet
১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব
