ডাউনলোড
মোবাইল এপ

android apple
signal

November 3, 2024 12:25 PM | Sarbanada sonowal

printer

১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বৰ্ধনা জ্ঞাপন

জাহাজ পৰিবহণ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি ১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত এই প্রতিযোগিতাত অসমৰ খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে, খেলুৱৈসকলে অনাগত দিনতো ন-উদ্যমেৰে আৰু উৎকৃষ্ট প্ৰদৰ্শনেৰে জিলিকি উঠি ৰাজ্যখনৰ ক্ৰীড়া জগতৰ সুনাম বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী। অসমত বিগত এটা দশকত ক্রীড়াক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰাৰ লগতে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ পৰাই ন-ন ক্রীড়া প্রতিভা গঢ় লৈছে বুলি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। ভৱিষ্যতে অসমে দেশৰ ক্ৰীড়া মানচিত্ৰত নতুন ৰূপত জিলিকি উঠিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক