অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত অহা ১৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ’ব। বিগত বৰ্ষৰ বিশেষ সাফল্যৰ পাছত এই বছৰো তৃণমূল পৰ্যায়ৰ প্ৰতিযোগীৰ অংশগ্রহণ, ন ন প্রতিযোগী সৃষ্টি তথা ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই খেল মহাৰণৰ আয়োজন কৰা হৈছে। এথলেটিকছ ফুটবল, কাবাডী, ভলীবল, দবা খেল, সাঁতোৰ, চাইকেল চলোৱা আদিকে ধৰি কেইবাটাও শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এইবাৰৰ খেল মহাৰণত কেইবা বিধো নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে কাইলৈৰ পৰা পঞ্জীয়ন আৰম্ভ হ’ব। অংশগ্ৰহণকাৰীসকলে খেল মহাৰণ এপ অথবা www.dsywassam.com/khel ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব।
Site Admin | September 29, 2024 6:59 PM | Khel Moharran
১৩ নৱেম্বৰৰ অসম চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ
