ডাউনলোড
মোবাইল এপ

android apple
signal

January 26, 2025 6:54 PM | Padma award

printer

১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৫ বৰ্ষৰ পদ্ম সন্মান

২০২৫ বৰ্ষৰ পদ্ম সন্মানমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ ১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ১৩ গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে।
ভাৰতীয় লেখক এম টি বাসুদেৱন নায়াৰ, ছুজুকি মটৰ কৰ্পোৰেচনৰ প্ৰাক্তন অধ্যক্ষ ওছামা ছুজুকি আৰু গায়িকা সাদা সিনহাক মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে। বিশিষ্ট গায়ক পংকজ উধাস আৰু অর্থনীতিবিদ বিবেক দেৱৰয়লৈ মৰণোত্তৰভাৱে পদ্ম ভূষণ সন্মান আগবঢ়াইছে। হকী খেলুৱৈ পি আৰ সৃজেশকো পদ্ম ভূষণ সন্মানেৰে বিভূষিত কৰা হৈছে। ক্ৰিকেটাৰ আৰ অশ্বিন আৰু ফুটবল খেলুৱৈ আই এম বিজয়নক পদ্মশ্রী সন্মানেৰে সন্মানিত কৰা হৈছে । পদ্ম সন্মান লাভ কৰা সকলৰ ভিতৰত অসমৰো ৫ গৰাকী বিশিষ্ট্য ব্যক্তি আছে। যশস্বী নৃত্য শিল্পী,  সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাচাও জিলাৰ প্ৰবীন লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেবকান্ত মহন্তলৈ ২০২৫ বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিয়ে এইবাৰ পদ্ম সন্মান লাভ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম সন্মান লাভ কৰা বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনাইছে। শ্রী মোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে এই ব্যক্তিসকলৰ অসাধাৰণ সাফল্যক সন্মান জনাবলৈ পাই দেশ গৌৰৱান্বিত হৈছে। পদ্ম সন্মান প্ৰাপকসকলৰ নিষ্ঠা আৰু দৃঢ়তা সঁচাকৈ প্ৰেৰণাদায়ক বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে পদ্ম সন্মান লাভ কৰা প্ৰতিগৰাকী ব্যক্তি কঠোৰ পৰিশ্ৰম, উৎসাহ, নিষ্ঠা আৰু উদ্ভাৱনৰ প্রতিমূর্তিস্বৰূপ। এই ব্যক্তিসকলে অগণন লোকৰ জীৱনত ইতিবাচক প্রভাব পেলোৱা বুলি প্ৰধানমন্ত্রী মোদীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক