ডাউনলোড
মোবাইল এপ

android apple
signal

১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ’বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টি আছে। অসমৰ চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১,০৭৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ইয়াৰে চিলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত প্রায় ৪,৫০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বিয়লিৰ ভিতৰত নিজ নিজ কর্মস্থলীত উপস্থিত হ’ব। ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে চামগুৰি সহ আটাইকেইটা সমষ্টিতে পর্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। চামগুৰি সমষ্টিত প্ৰচাৰ অভিযানৰ সময়ত ভালেমান হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ প্ৰায় প্ৰতিটো কেন্দ্ৰতেই সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। সমষ্টিকেইটাৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিলীৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী আৰু বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি এইবাৰো উপ-নিৰ্বাচনত ৯ লাখ ১২ হাজাৰৰো অধিকসংখ্যক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এইসকলৰ মাজত পুৰুষ ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৫ হাজাৰ ১২৪ আৰু মহিলা ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৬ হাজাৰ ৮৮২ হোৱাৰ বিপৰীতে ১৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। আমাৰ সংবাদদাতাই জনাইছে যে উপ-নির্বাচন হ’বলগীয়া আটাইকেইটা সমষ্টিতে শাসকীয় বিজেপি, অসম গণ পৰিষদ, ইউ পি পি এল মিত্রজোঁট আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ইপিনে, উত্তৰ প্ৰদেশ, পঞ্জাৱ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ কৰা হ’ব। এই সমষ্টিকেইটাৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰ নান্দেড় সংসদীয় সমষ্টিৰ বাবেও সিদিনাখন ভোটগ্ৰহণ কৰা হ’ব। ২৩ নৱেম্বৰত এই উপ-নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক