ডাউনলোড
মোবাইল এপ

android apple
signal

১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ’ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ১৩ৰ পৰা ২০ মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত থাকিব। ২১, ২৪ আৰু ২৫ মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ’ব আৰু ২৫ মাৰ্চত অসম বিধানসভাৰ এইবাৰৰ অধিৱেশন অনির্দিষ্টকালৰ বাবে স্থগিত ৰখা হ’ব। উল্লেখযোগ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণেৰে এই অধিৱেশন আৰম্ভ হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা দিনত প্ৰতি নিশা ৯ বাজি ১৫ মিনিটৰ পৰা ১০ মিনিটৰ বাবে বিধানসভাত আজিৰ দিনটো শীৰ্ষক প্ৰচাৰ কৰিব। ইয়াৰ উপৰি ১০ মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব৷

অধিক পঢ়ক

সকলো চাওক