কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ ১০০ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক কম কৰিবলৈ ৰাজ্যসমূহক উৎসাহ যোগোৱাৰ লগতে হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতাৰ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ কৰ্মশক্তিৰ অংশগ্ৰহণত উদগনি যোগোৱা হৈছে। তদুপৰি পৰ্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন দিদি আৰু পৰ্যটন মিত্ৰ আদিৰ দৰে আঁচনি যুগুত কৰা হৈছে। মহিলা নেতৃত্বাধীন বিকাশ সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, শিক্ষা, উদ্যমিতা, কৃষি, প্রযুক্তি আৰু অন্যান্য ক্ষেত্ৰৰ পদক্ষেপৰ জৰিয়তে মহিলাসকলক সৱলীকৰণ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। তেওঁ লগতে নাৰী শক্তিৰ সামৰ্থ, সাহস আৰু প্ৰতিৰোধ ক্ষমতাক প্রণিপাত জনাই বিভিন্ন ক্ষেত্ৰৰ তেওঁলোকৰ সাফল্যক প্ৰশংসা কৰে। উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত দুই লাখ ৩৫ হাজাৰ আত্মসহায়ক গোটৰ ২৬ লাখ সদস্যক সহায় কৰিবলৈ পাঁচ হাজাৰ কোটি টকাৰ বেংক ঋণ মুকলি কৰা হৈছে। তদুপৰি নাৰী শক্তিক উপলকৃত কৰা আঁচনিৰ ক্ষেত্ৰত এই বছৰৰ বাজেটত তিনি লাখ কোটি টকা আৱণ্টন দিয়া হৈছে।
Site Admin | September 20, 2024 6:24 PM | Modi 3.0 100 days