ডাউনলোড
মোবাইল এপ

android apple
signal

হোজাই জিলাত গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৯৯৩ জনৰ মনোনয়ন পত্র দাখিল

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও জিলা প্রশাসনসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হোজাই জিলাত এই নির্বাচনক নৈ প্রস্তুতি চলি আছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনৰ বাবে ৪ হাজাৰতকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হ’ব। ইতিমধ্যে দুজন নির্বাচনী পর্যবেক্ষক নিয়োগ কৰা হৈছে। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়তৰ ১৯৯৩ জনে মনোনয়ন পত্র দাখিল কৰিছে। একেদৰে জিলা পৰিষদত দাখিল কৰা ৩৭ খন মনোনয়ন পত্ৰৰ ভিতৰত ৩৩ খন গ্ৰহণ কৰা হয়। আঞ্চলিক পঞ্চায়ততো দাখিল ২১৪ খন মনোনয়ন পত্ৰৰ ভিতৰত ২০৯ খন গ্ৰহণ কৰা হয় বুলি জিলা আয়ুক্তৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক