May 20, 2024 1:10 PM | Iran President

printer

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি

হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰেও এই খবৰ পাই স্তম্ভিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। ডº জয়শংকেৰ তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি কয় যে এই শোকাৱহ দুঘৰ্টনাৰ সময়ত ভাৰত সদায় ইৰাণৰ লগত আছে।

অধিক পঢ়ক

সকলো চাওক