ডাউনলোড
মোবাইল এপ

android apple
signal

হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। গড়ৱাৰ চেতনা মৈদানত আজি এখন নির্বাচনী সমাবেশক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, জে এম এম, কংগ্ৰেছ আৰু আৰ জে দিয়ে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে ঝাৰখণ্ডৰ সুৰক্ষা, স্থায়ীত্ব আৰু সমৃদ্ধিৰ গেৰেণ্টি লৈ নির্বাচনী যুঁজত প্ৰৱেশ কৰিছে। চাইবাছাত বিজয় সংকল্প সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ আদিবাসীসকলৰ সৱলিকৰণ সম্ভব কৰি তুলিছে আৰু ইয়াৰ বিপৰীতে হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকক অৱজ্ঞা কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ঝাৰখণ্ডত এনে এটা সময়ত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে যিটো সময়ত সমগ্ৰ দেশ বিকশিত ভাৰত হোৱাৰ দিশে আগবাঢ়িছে।
প্রধানমন্ত্রী মোদীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সমৰ্থন আগবঢ়োৱাৰ বাবে জে এম এম নেতৃত্বাধীন মিত্রজোটক সমালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে, ৰাজ্যখনত স্বজন তোষণৰ ৰাজনীতি তুংগত উঠিছে আৰু এই ধাৰা অব্যাহত থাকিলে সমগ্র দেশ তথা জনজাতি সমাজৰ বাবে ই ভাবুকি স্বৰূপ হৈ পৰিব।

অধিক পঢ়ক

সকলো চাওক