কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্রী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যক লৈ ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শাসকীয় পক্ষৰ অন্য সদস্যসকলে বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণৰ বিৰোধিতা কৰে। শ্ৰী মেঘৱালে কংগ্ৰেছে সদায় ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তোলে ৷ কংগ্ৰেছে ৰাজনৈতিক বাধ্য বাধকতাৰ বাবে ড° আম্বেদকাৰক সন্মান প্ৰদান কৰিবলৈ বাধ্য হোৱা বুলিও তেওঁ দাবী কৰে ৷
এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, আৰ জে দি, আম আদমী পাৰ্টী আৰু অন্য দলৰ সাংসদসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰি শ্ল’গান দিবলৈ ধৰে। এনে পৰিস্থিতিৰ মাজতে সভাপতি জগদীপ ধনখড়ে কয় যে ড° আম্বেদকাৰ এগৰাকী অতিকৈ সন্মানীয় ব্যক্তি আৰু সকলোৰে বাবে তেওঁ নিদর্শন স্বৰূপ। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে শ্ৰী শ্বাহে আম্বেদকাৰলৈ সন্মান প্ৰদৰ্শন কৰিছে। কংগ্ৰেছে ড° আম্বেদকাৰক জীৱনকালত অসন্মান কৰা বুলি আৰু লোকসভা নিৰ্বাচনত নেতাগৰাকীক পৰাস্ত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তোলে। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখে।
ইপিনে, বিৰোধী পক্ষৰ সাংসদসকলে শ্ৰী শ্বাহৰ পৰা ক্ষমা বিচাৰি আজি সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ, ডি এম কে, আৰ জে ডি, আম আদমী পাৰ্টী, বাওঁদল আৰু অন্য দলৰ সাংসদসকলে বিষয়টো লৈ চৰকাৰৰ বিৰুদ্ধে ধ্বনি দিয়ে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গৃহমন্ত্ৰীগৰাকীক তেওঁৰ মন্তব্যৰ বাবে তীব্র সমালোচনা কৰে। শ্ৰী শ্বাহে তেওঁৰ বক্তব্যৰে সংবিধান প্ৰণেতাগৰাকীক অপমান কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তোলে।
Site Admin | December 18, 2024 1:56 PM | parliament | Parliament House