ডাউনলোড
মোবাইল এপ

android apple
signal

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশনৰ চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশন একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়।
আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্ৰী ধনখড়ে সদনৰ কামকাজ বাধাগ্ৰস্ত কৰাৰ বাবে ২৬৭ নম্বৰ ধাৰা সদনত বাহাল কৰে। ৰাজ্যসভাৰ কামকাজ বাৰে বাৰে বাধাগ্ৰস্ত কৰাত অসন্তুষ্টি প্ৰকাশ কৰি শ্ৰী ধনখড়ে কয়, যে বিৰোধী সদস্যসকলে সদনত বেয়া পৰিৱেশৰ সূচনা কৰিছে আৰু জনসাধাৰণৰ আশানুৰূপ কাম কৰাৰ পৰা সদনক বাধা দিছে। তেওঁ কয়, যে বিৰোধী সদস্যসকলৰ এনে ধৰণৰ কামকাজ কেতিয়াও জনসাধাৰণৰ হিতৰ বাবে নহয়।
ইফালে লোকসভা মিলিত হোৱাৰ পাছত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টীকে ধৰি আন বিৰোধী দলৰ সদস্যসকলে বিভিন্ন ধবনি দি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ শূন্যকালৰ কামকাজ সুকলমে অনুষ্ঠিত কৰাৰ চেষ্টা অব্যাহত ৰাখে যদিও বিৰোধী সদস্যসকল নিজৰ দাবীত অটল থাকে। তেওঁ কয়, যে জনসাধাৰণে সদন সূচাৰুৰূপে অনুষ্ঠিত হোৱাটো বিচাৰে যদিও বিৰোধী সদস্যসকলে সদনৰ কামকাজত বাধা আৰোপ কৰি আহিছে। এনে ধৰণৰ পৰিস্থিতিৰ বাবে দুপৰীয়া ১২ বজালৈ সদন স্থগিত ৰখা হয়৷
দুয়োখন সদন অহা ২ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব৷

অধিক পঢ়ক

সকলো চাওক