দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু মহাৰাষ্ট্ৰৰ নান্দেড় সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি সাংসদ ৰবীন্দ্ৰ বসন্ত ৰাও চাৱনে শপত গ্ৰহণ কৰাৰ পাছতেই কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে আৰু অন্যান্য বিৰোধী দলসমূহে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ বিচাৰি সংসদ উত্তাল কৰি তোলে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ গৰিমা আৰু শিষ্টাচাৰ অটুত ৰাখিবৰ বাবে আহ্বান জনায় যদিও সদস্যসকলে হুলস্থুলীয়া পৰিৱেশ অব্যাহত ৰাখে। অধ্যক্ষই উত্তেজিত বিৰোধী সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ কয় আৰু সদনৰ কাম-কাজ ব্যাহত কৰিবলৈ তেওঁলোকে পূর্ব-পৰিকল্পিতভাৱে চেষ্টা কৰিছে নেকি বুলি প্ৰশ্ন কৰে। হুলস্থুলীয়া পৰিৱেশৰ মাজতে অধ্যক্ষ বিৰলাই প্রশ্নকাল চলাই নিয়াৰ চেষ্টা কৰে যদিও তেওঁৰ প্ৰচেষ্টা ব্যর্থ হয়। ইয়াৰ পাছতে অধ্যক্ষই প্ৰথমে দুপৰীয়া ১২ বজালৈ আৰু পাছত দিনটোৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে ।ৰাজ্যসভাতো আজি দিনটোৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ সাংসদ প্রমোদ তিৱাৰীয়ে ২৬৭ অধিনিয়মৰ অধীনত দেশৰ এটা আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচ গ্ৰহণ আৰু অন্যান্য বিষয়সমূহ সন্দৰ্ভত সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ দাবী জনায়। তেওঁক অন্যান্য বিৰোধী সদস্যসকলেও সমর্থন জনায়। উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ে বিৰোধী দলসমূহে সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত পুনৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু সদন দিনটোৰ বাবে স্থগিত ৰখা হয়।
Site Admin | November 28, 2024 7:36 PM | parliament | Parliament House