ডাউনলোড
মোবাইল এপ

android apple
signal

May 31, 2024 12:03 PM | Himachal

printer

হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ সামৰণি

নির্বাচন হ’বলৈ বাকী থকা দেশৰ অন্যান্য লোকসভা সমষ্টিসমূহৰ লগতে হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি মাণ্ডী সংসদীয় সমষ্টিৰ কাৰ্ছগ অঞ্চলত এখন নির্বাচনী প্ৰচাৰ সভাক সম্বোধন কৰে। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুল্লু অঞ্চলত এখন জনসভাত ভাগ লয়। সভাত দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰো উপস্থিত আছিল । একেদৰে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে হামিৰপুৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। ইয়াৰ পাছত তেওঁ ঘুমাৰউইনত আন এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ ইপিনে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ভাদাই কালি চোলানত এটা ৰোডশ্ব’ত ভাগ লয়। ৰোডশ্ব’ত তেওঁৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং সুখুৱেও ভাগ লয়। উল্লেখযোগ্য যে বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰত্যক্ষ নির্বাচনী প্রতিদ্বন্দ্বিতা হোৱা ঠাইসমূহৰ ভিতৰত হিমাচল প্রদেশ অন্যতম।

অধিক পঢ়ক

সকলো চাওক