পথ দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ পলায়ন কৰা অৰ্থাৎ হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১০৬-২ নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছে। ন্যায়ালয়ে এই ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ থানাসমূহলৈ নিৰ্দেশ জাৰি কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নির্দেশ দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা ১ জুলাইৰ পৰা দেশত বলৱৎ কৰা নতুন ফৌজদাৰী আইনৰ অধীনৰ ভাৰতীয় ন্যায় সংহিতাৰ এই ধাৰাটোক বলৱৎকৰণৰ আউটাৰ পৰা বাদ দিয়া হৈছে। অসম আৰক্ষীয়ে এই ধাৰাৰ অধীনত হিট এণ্ড ৰানৰ গোচৰ ৰুজু কৰি আহিছে বুলি এজন লোকে ৰাজহুৱা স্বার্থজনিত আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে অসম আৰক্ষীক ভাৰতীয় ন্যায় সংহিতাৰ ১০৬-২ নম্বৰ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু নকৰিবলৈ নিৰ্দেশ দিয়ে।
Site Admin | December 17, 2024 11:42 AM | Gauhati High Court Direction