October 6, 2024 8:35 PM | #Hariyana

printer

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ৬৬.৯৬ শতাংশ ভোটগ্রহণ

নির্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তথ্য অনুসৰি হাৰিয়ানাত ৬৬.৯৬ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ফতেহাবাদ জিলাত সৰ্বাধিক ৭৪.৫১ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ বিপৰীতে ফৰিদাবাদ জিলাত সর্বনিম্ন ৫৫.৪৬ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ৰাজ্যখনত পৰহিলৈ ভোটগণনা কৰা হ’ব। ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত ই ভি এম সমূহ কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে। সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত ই ভি এম সমূহ ষ্ট্ৰং ৰুমত ৰখাৰ অন্তত কোঠাসমূহ ছীল কৰা হয়। এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাও উপস্থিত থাকে। মুখ্য নিৰ্বাচনী বিষয়া পংকজ আগৰৱালে সদৰী কৰা অনুসৰি ই ভি এম সমূহ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ই ভি এম সমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে হাৰিয়ানা আৰক্ষীৰ উপৰি অর্ধ-সামৰিক বাহিনী মোতায়েন কৰা হৈছে। চি চি টিভিৰ জৰিয়তে ষ্ট্ৰং ৰুমসমূহ পৰ্যবেক্ষণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক