হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন

● হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে, ২২ খন জিলাৰ সদৰসমূহত এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। কাল্‌ল্কা আৰু পঞ্চকুলা সমষ্টিৰ ভোটগণনা পঞ্চকুলাত, নাৰায়ণগড়, আম্বালা কেন্টনমেণ্ট, আম্বালা চিটী আৰু মুল্লানা আসন কেইখনৰ বাবে আম্বালাৰ চাৰিটা কেন্দ্ৰত আৰু য়মুনা নগৰ জিলাৰ চাৰিখন আসনৰ বাবে য়মুনা নগৰৰ কেন্দ্ৰসমূহত ভোটগণনা কৰা হ’ব বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে, সকলো স্ট্রং ৰূম চি চি টিভিৰ পৰ্যবেক্ষণত ৰখা হৈছে। তদুপৰি ই ভি এমসমূহ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে হাৰিয়ানা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে। ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত ই ভি এম তথা ৱি ৱি পি এ টি যন্ত্ৰ সমূহ ষ্ট্ৰং ৰূমত ৰাখি কোঠাসমূহ ছীল কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক