হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত দলীয়া কৰ্মীসকলৰ এখন সভাত শ্ৰী মোদীয়ে হাৰিয়ানাৰ লগতে জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, বিজেপি কেৱল বিশ্বৰ সর্ববৃহৎ দলেই নহয়, ই সর্বাধিকসংখ্যক লোকৰ অন্তৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে।
বৰ্তমানলৈ হাৰিয়ানাত ১৩ বাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ ভিতৰত ১০টা নিৰ্বাচনতেই হাৰিয়ানাৰ জনসাধাৰণে প্ৰতি ৫ বছৰৰ মূৰে মূৰে চৰকাৰ পৰিৱৰ্তনৰ হকে ৰায় দিছে। কেৱল এইবাৰেই দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা এখন চৰকাৰক পুনৰবাৰ শাসনত অধিষ্ঠিত হ’বৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে সুযোগ প্ৰদান কৰিছে। বিজেপি চৰকাৰে ৰাষ্ট্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগতে দলটো দৰিদ্ৰজনৰ সেৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কেন্দ্ৰ অথবা হাৰিয়ানা কোনো এখন চৰকাৰৰ বিৰুদ্ধে বিগত ১০ বছৰত দুৰ্নীতিৰ এটাও অভিযোগ উত্থাপিত হোৱা নাই৷
আনহাতে জম্মু আৰু কাশ্মীৰৰ প্ৰসংগত তেওঁ কয় যে, কেইবাটাও দশকৰ অপেক্ষাৰ অন্তত অৱশেষত জম্মু আৰু কাশ্মীৰত শান্তিপূর্ণভাৱে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। ৰাজ্যখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰত ভোটৰ অংশৰ দিশৰ পৰা বিজেপিয়েই সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ৩৭০ নম্বৰ অনুচ্ছেদ বিলোপ সাধনৰ পাছত কোনো কোনো লোকে কাশ্মীৰত জুই জ্বলিব বুলি আশংকা প্রকাশ কৰিছিল যদিও দৰাচলতে বৰ্তমান কাশ্মীৰখন অধিক পৰিমাণে প্ৰস্ফুটিত হৈ উঠিছে। বিকশিত ভাৰতৰ প্ৰসংগত শ্ৰী মোদীয়ে কৃষক, যুৱ সম্প্রদায়, মহিলা আৰু দৰিদ্ৰ জনসাধাৰণ এই চাৰিটা স্তম্ভৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। জম্মু- কাশ্মীৰতেই হওক অথবা হাৰিয়ানাৰ ক্ষেত্ৰতেই হওক, সমগ্ৰ দেশৰ উন্নয়নৰ বিষয়ত চৰকাৰে এই চাৰিটা স্তম্ভৰ প্ৰতি দৃষ্টি আৰোপ কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে কয় যে, জনসাধাৰণৰ এই ৰায়দানে ভাৰতবৰ্ষক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্তক অধিক শক্তিশালী কৰাৰ লগতে দেশখনক অধিক সুৰক্ষিত কৰা তথা কঠোৰতম সিদ্ধান্ত গ্ৰহণৰ বাবেও অধিক সাহসী কৰি তুলিব। পৰৱৰ্তী ৫ বছৰত সমগ্ৰ দেশখনে পূৰ্বতকৈ অধিক খটকীয়া উন্নয়ন দেখিবলৈ পাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। সভাখনত তেওঁ নিৰ্বাচন আয়োগ, আৰক্ষী আৰু ন্যায় পালিকাকে ধৰি দেশৰ প্ৰতিটো প্ৰতিষ্ঠানৰেই দুর্নাম কৰা বুলি কংগ্ৰেছ দলটোক দোষাৰোপ কৰে। আজিৰ এই সভাত বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডায়ো দলীয় কর্মীসকলক উদ্দেশ্য কৰি ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক