ভাৰত আৰু জিম্বাব’ৱেৰ মাজত পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেল আজি হাৰাৰে স্পর্টছ ক্লাৱত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ’ব। ভাৰতে ইতিমধ্যে শৃংখলাত ৩-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰিছে। ভাৰতে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ঘৰুৱা দল জিম্বাব’ৱেক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত জিম্বাব’ৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৫ অভাৰ আৰু দুটা বলত এটাও উইকেট নেহেৰুৱাকৈ ১৫৬ ৰান কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে ৯৩ আৰু শুভমন গিলে ৫৮ ৰান কৰি আউট নোহোৱাকৈ থাকে। যশস্বী জয়ছোৱালক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷
Site Admin | July 14, 2024 1:30 PM | India-Zimbabwe Cricket Series