হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে কাজিৰঙাত তিনিদিনীয়া  আন্তঃৰাষ্ট্ৰীয় কর্মশালা

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত ১৩খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাত এছিয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত চলি থকা হাতী-মানুহৰ সংঘাত ৰোধ কৰি এছিয়ান হাতী সংৰক্ষণৰ কর্মসূচী আৰু নিৰ্দেশনা প্ৰস্তুত কৰা হ’ব। প্ৰথম পৰ্যায়ৰ আলোচনাত আজি অংশগ্ৰহণকাৰী দেশসমূহৰ প্রতিনিধিসকলে হাতী-মানুহৰ সংঘাতৰ পটভূমিত চিত্রসহ উপস্থাপন দাঙি ধৰে।

অধিক পঢ়ক

সকলো চাওক