প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ সৈতে মৰম আৰু সহনশীলতাৰে বসবাস কৰিবলৈ শিকাইছে। তেওঁ হাতী আৰু মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি সংগঠনটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। গাঁওবাসীয়ে ৮০০ বিঘা অনুৰ্বৰ ভূমিত নেপিয়াৰ ঘাঁহ খেতি কৰি হাতীক খাদ্যৰ যোগান ধৰি আহিছে, যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিপথাৰত হাতীৰ উপদ্ৰৱ তুলনামূলকভাৱে হ্ৰাস পাইছে। ইয়াৰ লগতে হাতী-মানুহৰ সংঘাতো কিছু পৰিমাণে নিৰ্মূল কৰাত সহায়ক হৈছে। উল্লেখযোগ্য যে গুৱাহাটীৰ প্ৰদীপ ভূঞা, বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকা নামৰ কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে হাতীবন্ধুৰ হৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল। হাতী মানুহৰ সংঘাতক লৈ কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত হাতীবন্ধু শীর্ষক তথ্যচিত্রখনেও বহুল সমাদৰ লাভ কৰিছে। মন কী বাতত প্রধানমন্ত্ৰীয়ে হাতীবন্ধুৰ এই প্ৰচেষ্টাৰ কথা উল্লেখ কৰাৰ পাছত বিনোদ দুলু বৰাই প্রধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Site Admin | January 19, 2025 7:13 PM | Mann Ki Baat
হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা
