ডাউনলোড
মোবাইল এপ

android apple
signal

November 20, 2024 12:48 PM | Elephant Machine

printer

হাতীক কোনো ক্ষতি নকৰাকৈ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে যন্ত্ৰ নিৰ্মাণ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীক কোনো ক্ষতি নকৰাকৈ পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে শিৱসাগৰ জিলাৰ আমিনুদ্দিন আহমেদ নামৰ লোক এজনে এটা যন্ত্ৰ নিৰ্মাণ কৰিছে। ম’বাইল এলিফেণ্ট পুশ্ববেক মেচিন নামৰ এই যন্ত্ৰটো ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল যদিও ভালেমান প্রযুক্তি ব্যৱহাৰৰ ফলত এতিয়া এই যন্ত্ৰটো অধিক কার্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত হাতীৰ উপৰি বান্দৰৰ উপদ্ৰৱ কমাবলৈও এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যায়। এই যন্ত্ৰটোত আল্ট্রাচাউণ্ড, লেজাৰ, ইনফ্ৰা ৰেড আদি সংযোগ কৰা হৈছে। এই সন্দৰ্ভত অভিযন্তাজনে কয় – -বাইট- একেদৰে, বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত বিচৰণ কৰি ফুৰা এটা হাতীৰ জাকৰ দলপতি মখনাটোৰ গাত বন বিভাগে ৰেডিঅ’ কলাৰ স্থাপন কৰিছে। বাক্সাৰ বন সংমণ্ডল বিষয়া কুশল কুমাৰ শৰ্মা আৰু মানস ব্যাঘ্ৰ প্ৰকল্পৰ পশু চিকিৎসা বিষয়া বিজয় চৌধুৰীয়ে অপাৰেচন ৰেডিঅ’ কলাৰিং প্ৰকল্পৰ অধীনত কালি এই কাম সফলতাৰে সম্পন্ন কৰে।

অধিক পঢ়ক

সকলো চাওক