হাইলাকান্দিত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

● তিনিদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা কৃষি, পশুপালন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি হাইলাকান্দিত জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি-শৃংখলা অটুট ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ এনাজৰী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

সীমান্ত অঞ্চলত যাতে চৰকাৰী ভূমি বেদখল নহয়, সেই বিষয়ে জিলা প্রশাসনক দৃষ্টি ৰাখিবলৈ তেওঁ নির্দেশ দিয়ে। বৈঠকত উপস্থিত থকা ৰাজ্য চৰকাৰৰ ৩৪ টা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক অসম্পূৰ্ণ হৈ থকা আঁচনিসমূহ নির্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে কৰিমগঞ্জ জিলা পৰিদর্শন কৰে। জিলাখনত উপস্থিত হৈ তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে।

বৈঠকৰ অন্তত শ্রী বৰাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰামতে কৰিমগঞ্জ জিলাত বানৰ ফলত ২০০০ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।

সঠিক তদন্তৰ অন্তত চলিত মাহৰ ভিতৰত বান ক্ষতিগ্রস্তসকলক ক্ষতিপূৰণৰ ধন চৰকাৰে আদায় কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। বিভাগীয় বিষয়াসকলক প্রধানমন্ত্রী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা সভৰ আয়োজনক কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক