ডাউনলোড
মোবাইল এপ

android apple
signal

September 23, 2024 3:47 PM

printer

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ভাৰতত ইজৰাইলৰ ৰাষ্ট্রদূত ৰুৱেন আজাৰে দুয়োখন দেশৰ সম্পৰ্কৰ প্ৰশংসা কৰে। তেওঁ দুয়োখন দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ প্ৰশংসা কৰে।
১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ সৈনিকসকলে হাইফাৰ যুদ্ধত যুঁজ দিছিল। এই যুদ্ধত অট্ট’মান সাম্ৰাজ্য আৰু জাৰ্মান মিত্ৰ সৈন্যক পৰাস্ত কৰি ভাৰতীয় সেনাই বিজয় সাব্যস্ত কৰিছিল। ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেট্যানেহুৱে আনুষ্ঠানিকভাৱে তিনমূৰ্তি চ’কৰ নামৰ তিনমূৰ্তি হাইফা চ’কলৈ সলনি কৰিছিল।

অধিক পঢ়ক

সকলো চাওক