হাইড্ৰ’ কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° হেমেন শৰ্মাৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে ভাৰতীয় পেটেণ্ট লাভ কৰিছে। বিজ্ঞানী তথা গৱেষকৰ দলটোৱে তেওঁলোকে উদ্ভাৱন কৰা মাইক্ৰ’ বায়’ ৰিমিডিয়েচন প্রযুক্তিয়ে পেট্’কেমিকেল উদ্যোগত হোৱা মাটি প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য বহন কৰা বুলি প্ৰকাশ কৰিছে। এই প্ৰযুক্তিয়ে ক্ষতিকাৰক জৈৱিক আৰু অজৈৱিক যৌগ, বিশেষকৈ পলি এৰ’মেটিক হাইড্ৰ’কার্বন চমুকৈ পি এ এইচ আৰু তেল নিষ্কাশনৰ সময়ত ৰৈ যোৱা গধুৰ ধাতুৰে দূষিত হৈ পৰা মাটিৰ প্ৰতিকাৰৰ ক্ষেত্ৰত কাম কৰিব। এই উদ্ভাৱনৰ বাবে ভাৰতৰ পেটেণ্ট, ডিজাইন আৰু ট্রেডমার্ক নিয়ন্ত্রক মহা প্রধানে গৱেষকৰ দলটোক ভাৰতীয় পেটেণ্ট প্ৰদান কৰিছে। উল্লেখযোগ্য যে এই দলটোৱে ইতিমধ্যে অসমৰ বিভিন্ন তৈলক্ষেত্ৰত শক্তিশালী পি এ এইচ অৱক্ষয়কাৰী বেক্টেৰিয়াৰ ১১টা প্ৰজাতি চিনাক্ত কৰিছে। গৱেষকৰ দলটোৰ আন সদস্যসকল হ’ল – এন এন শইকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নাজিম ফৰিদ ইছলাম, পাণ্ডু মহাবিদ্যালয়ৰ জীৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অনিৰুদ্ধ শৰ্মা, হায়দাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক এন এন বি প্ৰসাদ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী তনুশ্রী বসুমতাৰী।
Site Admin | November 16, 2024 11:17 AM | Patent Award