September 12, 2024 1:53 PM | Chess Player | SPORTS

printer

হাংগেৰীৰ বুডাপেষ্টত ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ বুডাপেষ্টত কালি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্রতিযোগিতাৰ মুকলি শাখাত ভাৰতে ৪-০ ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে ৩.৫৫ ফলাফলেৰে আধিপত্য বিস্তাৰ কৰিছে।
মুকলি শাখাত আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ তিছিৰ মহম্মদক পৰাস্ত কৰি ভাৰতক অগ্রগতি প্ৰদান কৰে। ইয়াৰ কিছু সময়ৰ পাছতে বিদিত গুজৰাথীয়ে অউখিৰ মেহদি পেৰীক আৰু পেন্টালা হৰিকৃষ্ণই মোৱায়াদ আনাছক পৰাস্ত কৰে। চতুৰ্থখন খেলত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ অৰ্জুন এৰিগাইচিয়ে এলবিলিয়া জেইক্সৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।
ইপিনে মহিলাৰ শাখাত ভাৰতৰ বৈশালীয়ে প্ৰথমখন খেলত আদানী ক্লার্কৰ বিৰুদ্ধে জয়লাভ কৰে। তানিয়া সচদেৱে গেব্রিয়েলা ৱাটছনক আৰু দিব্যা দেশমুখে ৰেচেল মিলাৰক পৰাস্ত কৰে । অৱশ্যে বন্তিকা আগৰৱাল আৰু ৰায়েহান্না ব্রাউনৰ মাজৰ খেলখন ড্ৰৰে সমাপ্ত হয়।
১২ দিনীয়া এই দ্বিবার্ষিক প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ মুকলি শাখাত ১৯৩টা আৰু মহিলাৰ শাখাত ১৮১টা দলে অংশগ্রহণ কৰিছে। প্ৰতিযোগিতাৰ ২০২২ চনৰ সংস্কৰণত আয়োজক দেশ ভাৰতে দুয়োটা শাখাতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক