ডাউনলোড
মোবাইল এপ

android apple
signal

December 12, 2024 8:34 PM | MoU

printer

হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে প্ৰচাৰ ভাৰতীৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্ৰচাৰ ভাৰতীয়ে আজি নতুন দিল্লীত হকী ইণ্ডিয়াৰ নেতৃবৰ্গৰ সৈতে সমাগত হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে হকী ইণ্ডিয়া লীগক ২০২৪-২৫ৰ পোনপটীয়া প্ৰচাৰৰ বাবে দূৰদৰ্শন অংশীদাৰ কৰা হৈছে। চলিত মাহৰ ২৮ তাৰিখৰ পৰা এই লীগ খেলসমূহ ৰুৰকেলা, ওড়িশা, ৰাঁছী আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ’ব।
চুক্তিৰ স্বাক্ষৰৰ পাছত হকী ইণ্ডিয়া লীগৰ গৱৰ্নিং কমিটিৰ সদস্য ভোলানাথ সিঙে কয়, যে হকী কেৱল এবিধ খেলেই নহয় এই খেল দেশৰ একতা আৰু গৌৰৱৰ প্ৰতীক। তেওঁ লগতে কয়, যে দূৰদৰ্শনৰ অংশীদাৰিত্বৰ পিছতে এইছ আই এলৰ এটা দৰ্শনীয় ছিজন উপস্থাপন কৰিবলৈ এইছ আই এল সাজু হৈছে। এই অংশীদাৰিত্বই হকীৰ সৈতে জনসাধাৰণৰ বন্ধন সুদৃঢ় কৰিব বুলিও শ্রী সিঙে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক