সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উপস্থিতিত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কার্যসূচী অনুষ্ঠিত হয়। দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন কৰা হয়।

Image

এই অনুষ্ঠানত চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ১৩গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্যিক বঁটা প্ৰদান কৰা হৈছে। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শ‍ইকীয়া, যোৰহাটৰ মণি দত্ত আৰু প্ৰশান্ত কুমাৰ মহন্ত, লখিমপুৰৰ কল্পনা গগৈ, তিনিচুকীয়াৰ মিনু ৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেন কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ। আনহাতে প্ৰাথমিক শাখাত পাঁচ গৰাকী শিক্ষক ক্ৰমে ধেমাজিৰ গকুল চুতীয়া, কাছাৰৰ অতনু চৌধুৰী, দৰঙৰ ৰিজু ৰেখা দেৱী, ডিব্ৰুগড়ৰ সংগীতা দেৱী আৰু শিৱসাগৰৰ লোহিত চেতীয়াক কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰীয় মূল্যাংকণ আৰু প্ৰত্যাপন পৰিষদৰ মূল্যায়নত খ++ আৰু খ+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বতন্ত্ৰ মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷
আনহাতে শিক্ষানুষ্ঠানসমূহত ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি প্রদানেৰে শিক্ষক দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে নৃত্য-গীত, আবৃত্তি, ৰাধাকৃষ্ণণ বিষয়ক বক্তৃতা আদি কাৰ্যসূচীৰে শিক্ষক দিৱসৰ অন্ত পৰে। ভাৰতীয় দলিত সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সৌজন্যত গুৱাহাটী প্ৰেছ ক্লাবত বহুকেইগৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

ImageImage

আনহাতে গুৱাহাটী মহানগৰীৰ অগ্ৰণী অনুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ সমাজ, সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰলৈ অৰিহণা যোগোৱা দুগৰাকী বৰেণ্য ব্যক্তি ক্ৰমে-কুলধৰ শ‍ইকীয়াক পণ্ডিত তীৰ্থনাথ শৰ্মা উৎকর্ষ বঁটা আৰু তাৰেকেশ্বৰ চৌধুৰীক নিৰ্মলা দেৱী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক