সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে অসম চৰকাৰৰ বিশেষ নিযুক্তিৰ ব্যৱস্থা

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিৰিখ অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত অসম মন্ত্ৰীসভাৰ, চাকৰি নিয়মীয়া কৰাৰ ক্ষমতা নথকা হেতুকে ৰাজ্য চৰকাৰে কেবিনেটত এই সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আনহতে, মন্ত্রীসভাই পৰিবহণ আৰু যান-বাহন সম্পৰ্কীয় দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে। জৰিমনা আদায় দিয়াৰ নামত আর্থিকভাৱে অনগ্ৰসৰ লোকসকল সমস্যাৰ সন্মুখীন হোৱা বুলি সততে উত্থাপিত হৈ অহা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এই অনুসৰি মটৰ চাইকেলৰ আৰোহীক কেৱল হেলমেট পৰিধান নকৰিলেহে জৰিমনা বিহা হ’ব। যান-বাহন আৰক্ষীয়ে দুচকীয়া বাহনৰ চালকক অন্য নথিপত্রজনিত বিষয়ত জৰিমনা বিহিব নোৱাৰিব। ইপিনে, অটো, ৰিক্সাকে ধৰি তিনিচকীয়া বাহনৰ গৰাকীয়ে বাহন চালনা বা পাৰ্কিঙৰ ক্ষেত্ৰত কৰা অপৰাধ ৪ বাৰলৈ ৰেহাই দিয়া হ’ব। পঞ্চম বাৰ কৰা ভুলৰ ক্ষেত্ৰতহে জৰিমনা বিহা হ’ব। এই ক্ষেত্ৰত পৰিবহণ বিভাগক ১৫ দিনৰ ভিতৰত নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ কোৱা হৈছে। আনহাতে, নলবাৰীৰ ৩৪৭গৰাকী অ’বিবি শিক্ষকক মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত অহা ৩০ ছেপ্তেম্বৰত ২ লাখকৈ টকাৰ এককালীন আর্থিক সাহায্য প্ৰদান কৰা হ’ব। জিলাখনৰ ৪খন ধৰ্মীয় অনুষ্ঠান বিল্বেশ্বৰ দেৱালয়, বালিলেছা মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৩ কোটিকৈ টকা প্ৰদান কৰিবলৈ কেবিনেটত সিদ্ধান্ত লয়। নলবাৰীত এটা নতুন আৱৰ্ত্ত ভৱন আৰু সন্মিলন কক্ষ মুকলি কৰাৰ লগতে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ ইপিনে, বৰক্ষেত্ৰীৰ এম এছ ডি পি বিদ্যালয়ৰ সলনি এখন স্নাতক মহাবিদ্যালয় স্থাপনৰ বাবেও কেবিনেটে সিদ্ধান্ত লৈছে। জিলাখনৰ মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উৰণ সেঁতু, এখন অত্যাধুনিক ষ্টেডিয়াম আৰু ধৰ্মধমাত এটা দক্ষতা কেন্দ্ৰ মুকলি কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়।

অধিক পঢ়ক

সকলো চাওক