ডাউনলোড
মোবাইল এপ

android apple
signal

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। নতুন দিল্লীৰ ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। এই প্রতিবেদন প্ৰকাশ হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰি কয়, যে প্রাক-বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি ৯০ শতাংশৰ ওচৰ চাপিছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ৯৯ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখা গৈছে। বিদ্যালয়সমূহত দিয়া সুবিধা আৰু বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান কাৰ্যসূচীৰ সুফল পোৱা গৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে উল্লেখ কৰে।

ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ সংস্থাটোৱে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২৪ চনত সৰ্বভাৰতীয় পৰ্যায়তকৈ প্রাক-বিদ্যালয়ত ৩ৰ পৰা ৪ বছৰ বয়সৰ ভিতৰত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অসমত অধিক হৈছে। সেই অনুসৰি প্ৰাক-বিদ্যালয়ত নামভৰ্তি কৰা ৩ বছৰীয়া শিক্ষার্থী সৰ্বভাৰতীয় পৰ্যায়ত ৬৬.৮ শতাংশ। অসমত এই হাৰ ৮১.১ শতাংশ। ৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নামভৰ্তি সৰ্বভাৰতীয় পর্যায়ত ৫৭ শতাংশ যদিও অসমত ৬৮ শতাংশ হৈছে। গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহত প্রাথমিক সা-সুবিধা বৃদ্ধি হোৱাৰ তথ্যও ফাউণ্ডেচনে প্রকাশ কৰিছে। মধ্যাহ্ন ভোজন, খোৱাপানীৰ যোগান, বিদ্যুৎ যোগান, খেলপথাৰৰ সুবিধা, গ্ৰন্থাগাৰৰ সুবিধা অধিক বৃদ্ধি হোৱা বুলি ফাষ্ট এডুকেচন ফাউণ্ডেচনে প্ৰকাশ কৰিছে। সংস্থাটোৱে অসমৰ ২৬ খন জিলাৰ ৭৮০ খন গাঁৱৰ ১৫ হাজাৰ ৪০৬টা পৰিয়ালৰ অধ্যয়ন চলাই এই প্রতিবেদন প্রস্তুত কৰিছে।

অধিক পঢ়ক

সকলো চাওক