ডাউনলোড
মোবাইল এপ

android apple
signal

সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা প্রধানমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূৱনেশ্বৰত চলি থকা সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা দেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যসমূহৰ উদ্বিগ্নতাৰ বিভিন্ন সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। সন্মিলনত চাইবাৰ ক্রাইম, উপকূলীয় অঞ্চলৰ সুৰক্ষা তথা মাওবাদী সন্ত্রাসবাদৰ সৈতে মোকাবিলা কৰাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গৃহ সচিব গোবিন্দ মোহন, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালো সন্মিলনত উপস্থিত থাকে। সন্মিলনত আৰক্ষীৰ জ্যেষ্ঠ বিষয়া তথা বিভিন্ন নিৰাপত্তা সংস্থাৰ মুৰববীসকলৰ সৈতে সন্ত্ৰাসবাদী বিৰোধী ৰণকৌশল, ড্ৰোণ আৰু কৃত্রিম বুদ্ধিমত্তাৰ লেখিয়া শেহতীয়া প্ৰযুক্তিয়ে অনা প্ৰত্যাহ্বানকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সঠিক পথ অৱলম্বন কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্রধানমন্ত্ৰী তথা প্ৰতিনিধিবর্গই আৰক্ষীয়ে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা আন্তঃগাঁথনিমূলক সমস্যা সন্দৰ্ভতো আলোচনা কৰে। বৈঠকৰ অন্তিম দিনা মাদক দ্ৰব্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক