ডাউনলোড
মোবাইল এপ

android apple
signal

সৰুপেটাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন

বজালী জিলাৰ সৰুপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ’ব। সমাৰোহত আজি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শংকৰ গুৰু আমাৰে’ মঞ্চস্থ কৰা হ’ব। কাইলৈ মৃণ্ময় ভূঞাৰ ‘দ্রোণাচার্য শ্রী গুৰুৱে নমঃ’, অৰ্ঘ দে’ৰ বাংলা ভাষাত ৰচিত নাট ‘যত্নে ৰেখো’ মঞ্চস্থ কৰা হ’ব। পৰহিলৈ সমাৰোহৰ অন্তিম দিনা হবিব তনবিৰৰ ‘চৰণ দাস চোৰ’ আৰু সুধাংশু ফিদোছৰ হিন্দী ভাষাত ৰচিত ‘কথা নাট’ মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক