ডাউনলোড
মোবাইল এপ

android apple
signal

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৩১ টা প্ৰতীকপট গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে। এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা, সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয়। কুচকাৱাজত ৩শ গৰাকী বাদ্য শিল্পীয়ে সাৰে জাহাচে আচ্ছা গীতৰ লহৰ তোলে । সমাৰোহত আকাশমাৰ্গৰ পৰা হেলিকপ্তাৰযোগে ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত পুষ্পবৃষ্টি কৰা হয়। শোভাযাত্ৰাত টি-৯০ টেংক, নাগমিছাইল প্রণালী, ব্রহ্মোছ, পিনাকা ৰকেট ব্যৱস্থা, অগ্নিবান ৰকেট লেন্সাৰ আদি প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসৰ কুচকাৱাজত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলে শক্তি প্ৰদৰ্শন কৰে। শোভাযাত্ৰাত হাৰিয়ানাৰ ভগৱত গীতা আৰু উত্তৰ প্ৰদেশৰ মহাকুম্ভৰ প্ৰদৰ্শনত দর্শক আপ্লুত হয়।গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানত দহ হাজাৰ বিশিষ্ট লোকক আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰে ভিতৰত পঞ্চায়ত, হস্ত শিল্পী, আশা আৰু অঙ্গনবাড়ী কৰ্মী, খেতিয়ক আদিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকে আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক