প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত ধনন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ১২ হাজাৰ ৮৫০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্রীয়ে লগতে ৭০ বছৰ আৰু তাতকৈ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্প্ৰসাৰিত স্বাস্থ্য সেৱাৰ সুবিধা মুকলি কৰিব। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে অতিৰিক্তভাৱে সংযোজিত এই উদ্যমে যিকোনো উপাৰ্জনৰ জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য সেৱাৰ সুবিধাৰে সামৰি ল’ব। স্বাস্থ্য তথা আন্তঃগাথনিৰ গুৰুত্বপূৰ্ণ বিকাশৰ লক্ষ্যৰে শ্রীমোদীয়ে কেইবাটাও স্বাস্থ্য সেৱাৰ প্ৰতিষ্ঠানৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দেশৰ সৰ্বপ্ৰথম অখিল ভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠানৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। এই পৰ্যায়ত এখন পঞ্চকর্ম হস্পিতাল, এখন আয়ুর্বেদিক ফার্মাচী, এটা কেন্দ্ৰীয় পুথিভঁড়াল আদিকে ধৰি বিভিন্ন উন্নত সা-সুবিধা সামৰি লোৱা হৈছে। তেঁও লগতে মধ্যপ্ৰদেশৰ মন্দচোৰ, নিমজ আৰু চিৱনিত ৩ খন চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। ইয়াৰ উপৰি তেওঁ অসমৰ গুৱাহাটীৰ লগতে হিমাচল প্ৰদেশৰ বিলাসপুৰ, পশ্চিমবংগৰ কল্যাণী, বিহাৰৰ পাটনা, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মধ্য প্ৰদেশৰ ভূপাল আৰু নতুন দিল্লীত এইমছৰ বিভিন্ন সম্প্ৰসাৰিত সেৱা তথা সুবিধাৰ শুভাৰম্ভ কৰিব । প্রধানমন্ত্ৰীগৰাকীয়ে লগতে মধ্য প্ৰদেশৰ শিৱপুৰী, ৰটলাম, খান্দৱা, ৰাজগড় আৰু মন্দচোৰত ৫ খন নাৰ্চিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।
Site Admin | October 28, 2024 8:17 PM | PM Inauguration