April 7, 2024 8:29 PM | World Health Day

printer

স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য দিৱস পালন

স্বাস্থ্যৰ প্ৰতি সমগ্ৰ বিশ্বত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটোত বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এইবেলি মোৰ স্বাস্থ্য মোৰ অধিকাৰ এই দিৱসৰ মূল বিষয়বস্তু হিচাপে থিৰাং কৰিছে। অত্যৱশ্যকীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বিশ্বৰ মুঠ জনসংখ্যাৰ আধাতকৈও অধিক অর্থাৎ ৪৫০ কোটি লোকলৈ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ ৰীমা দাদাই কয় যে, জীৱনশৈলী পৰিৱৰ্তন কৰি আৰু যোগৰ দৰে অভ্যাস গ্রহণ কৰি বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত বিপজ্জনকভাৱে বৃদ্ধি পোৱা জীৱনশৈলীজনিত ৰোগ দূৰ কৰিব পৰা যায় ৷ বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্থ্যৰ বিষয়ে সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১৯৫০ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য দিৱস পালন কৰিছিল।

অধিক পঢ়ক

সকলো চাওক